NewzNow | ডেস্ক | ১০ নৱেম্বৰ, ২০২৬
আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লক্ষ্য ১২৬খন আসন। ক্ৰিকেটৰ উদাহৰণ দি নিজৰ নিৰ্বাচনী লক্ষ্যৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে, ক্ৰিকেট খেলপথাৰত এজন বেটছমেনে যেনেকৈ শতক অৰ্জনৰ লক্ষ্য লৈ খেলপথাৰত নামে, ঠিক তেনেকৈ তেওঁৰো লক্ষ্য ১২৬খন আসনতে জয়লাভ কৰা। মিছন ১২৬ৰ লক্ষ্য অথাৎ ১০২ৰ পৰা ১১০, তাৰ পাছত ১১৫খন আসনৰ লক্ষ্য বিজেপি মিত্ৰজোঁটৰ
মুখ্যমন্ত্ৰীয়ে কয় যে, কেৱল লক্ষ্য নিৰ্ধাৰণ কৰিলেই নহ'ব, তাৰ বাবে যথেষ্ট কাম কৰিব লাগিব। নগাঁও লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক নতুন আশাৰ বাট দেখুৱাইছে বুলিও মন্তব্য কৰে তেওঁ।
তেওঁৰ মতে, বৰ্তমানৰ ১০২খন আসনৰ পৰা পৰৱৰ্তী নিৰ্বাচনত ১১০খন আৰু তাৰ পাছৰ নিৰ্বাচনত ১১৫খন আসন লাভ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে মিত্ৰজোঁট। এই লক্ষ্য পূৰণৰ বাবে দলটোৱে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয়ৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, জাগীৰোড, ৰহা, নগাঁও আৰু বৰহমপুৰ সমষ্টিত দলটোৰ পৰম্পৰাগত ভোটাৰৰ সমৰ্থন পূৰ্বতকৈ বৃদ্ধি পাইছে। এই চাৰিটা সমষ্টিত বিধানসভা নিৰ্বাচনত লাভ কৰা ভোটৰ তুলনাত লোকসভা নিৰ্বাচনত অধিক সমৰ্থন লাভ কৰা বুলি দাবী কৰে তেওঁ।
আনহাতে, সংখ্যালঘু অধ্যুষিত চামগুৰি, ধিং, ৰূপহী আৰু লাহৰীঘাট সমষ্টিতো ৩০ শতাংশতকৈ অধিক ভোট লাভ কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে।
কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, নগাঁও লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন তৃতীয় স্থানত আছিল। তেওঁৰ পৰিয়াল আৰু ৰাজনৈতিক স্থিতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন হ্ৰাস পোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
এনেদৰেই আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ১২৬খন আসন লাভৰ আকাংক্ষা প্ৰকাশ কৰাৰ লগতে ১১০ আৰু ১১৫খন আসনৰ পৰ্যায়ক্ৰমে লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে।