আন্তঃৰাষ্ট্ৰীয়

ঢাকাৰ দৰিদ্ৰ অঞ্চলসমূহৰ ভিডিঅ’ দিল্লীৰ বুলি অপ-প্ৰচাৰক ‘দুৰ্ভাগ্যজনক’ আখ্যা ভাৰতৰ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

ঢাকাৰ দৰিদ্ৰ অঞ্চলৰ ভিডিঅ’ নতুন দিল্লীৰ দৃশ্য বুলি চীনা সামাজিক মাধ্যমত প্ৰচাৰৰ অভিযোগক দুৰ্ভাগ্যজনক আখ্যা দি জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভাৰতে।

২ / ৫

নতুন দিল্লী, ১০ নৱেম্বৰ: বাংলাদেশৰ ৰাজধানী ঢাকাৰ দৰিদ্ৰ অঞ্চলসমূহৰ ভিডিঅ’ প্ৰস্তুত কৰি সেইবোৰ নতুন দিল্লীৰ দৃশ্য বুলি চীনা সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগক ‘দুৰ্ভাগ্যজনক’ আখ্যা দিছে…

৩ / ৫

মঙলবাৰে সাপ্তাহিক সংবাদমেলত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, কোনো দেশৰ বিকৃত ছবি দাঙি ধৰাৰ এনে প্ৰচেষ্টাই জড়িত লোকসকলৰ লগতে তেওঁলোকৰ আঁৰত থকা পক্ষসমূহৰ বিশ্বাসযোগ্যতাও ক্ষুণ্ণ কৰে।

৪ / ৫

ঢাকাৰ অঞ্চলসমূহক দিল্লীৰ বুলি দেখুৱাবলৈ বিদেশী লোকক ব্যৱহাৰ কৰাৰ অভিযোগৰ সন্দৰ্ভতো জয়ছোৱালে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

৫ / ৫

অভিযোগ অনুসৰি, কেইবামাহ ধৰি একাংশ চীনা নাগৰিকে ঢাকাৰ দৰিদ্ৰ অঞ্চলসমূহত ভিডিঅ’ প্ৰস্তুত আৰু সৰাসৰি সম্প্ৰচাৰ কৰি সেই স্থানসমূহক নতুন দিল্লীৰ অঞ্চল বুলি পৰিচয় কৰাই আহিছে।

ঢাকাৰ দৰিদ্ৰ অঞ্চলসমূহৰ ভিডিঅ’ দিল্লীৰ বুলি অপ-প্ৰচাৰক ‘দুৰ্ভাগ্যজনক’ আখ্যা ভাৰতৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক