সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন গোলাপী ডেকাৰ মৃত্যুক লৈ পৰিয়াল আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ।
সোণাপুৰ: কামৰূপ জিলাৰ সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত গোলাপী ডেকা নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
সোণাপুৰৰ ডিগাৰুৰ বাসিন্দা গোলাপী ডেকাক সোমবাৰে নিশা প্ৰায় ১০:৩০ বজাত হঠাৎ মূৰ ঘূৰণি আৰু বমিৰ সমস্যাত জৰুৰীকালীনভাৱে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱতি নিশা প্ৰায় ৫ বজাত গোলাপী ডেকাৰ মৃত্যু হয়।
পৰিয়ালৰ লোকে অভিযোগ কৰে যে, চেলাইন দিয়াৰ দৰে কাম চিকিৎসকৰ সলনি ৱাৰ্ডবয় আৰু নিৰাপত্তাৰক্ষীৰ জৰিয়তে কৰোৱা হৈছিল।
newznow.in