সোণাপুৰ: কামৰূপ জিলাৰ সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত গোলাপী ডেকা নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। মৃত মহিলাগৰাকীৰ পৰিয়াল আৰু স্থানীয় ৰাইজে কৰ্তব্যৰত চিকিৎসকৰ গাফিলতি তথা চিকিৎসাত অৱহেলাৰ ফলতে তেওঁৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

সোণাপুৰৰ ডিগাৰুৰ বাসিন্দা গোলাপী ডেকাক সোমবাৰে নিশা প্ৰায় ১০:৩০ বজাত হঠাৎ মূৰ ঘূৰণি আৰু বমিৰ সমস্যাত জৰুৰীকালীনভাৱে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত কৰ্তব্যৰত চিকিৎসক ডাঃ ধৰ্মেন্দ্ৰ পাটোৱাৰীয়ে তেওঁক প্ৰাথমিকভাৱে পৰীক্ষা কৰি চেলাইন দিয়াৰ ব্যৱস্থা কৰিছিল।

চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱতি নিশা প্ৰায় ৫ বজাত গোলাপী ডেকাৰ মৃত্যু হয়। পৰিয়ালৰ অভিযোগ অনুসৰি, প্ৰথমবাৰ পৰীক্ষা কৰাৰ পাছত চিকিৎসকগৰাকীয়ে গোটেই নিশা পুনৰ এবাৰো ৰোগীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱা নাছিল।

পৰিয়ালৰ লোকে অভিযোগ কৰে যে, চেলাইন দিয়াৰ দৰে কাম চিকিৎসকৰ সলনি ৱাৰ্ডবয় আৰু নিৰাপত্তাৰক্ষীৰ জৰিয়তে কৰোৱা হৈছিল। লগতে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱা সত্ত্বেও চিকিৎসালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নল'লে বুলি তেওঁলোকে দাবী কৰিছে।

ঘটনাৰ পাছত পৰিয়ালৰ লোক আৰু ক্ষুব্ধ স্থানীয় ৰাইজে চিকিৎসালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত আৰু ডাঃ ধৰ্মেন্দ্ৰ পাটোৱাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।