ছোনীয়া গান্ধীয়ে আত্মজীৱনীত জনাইছে যে ১৯৬৯ চনত নিৰ্ধাৰিত সময়ৰ প্ৰায় দুমাহ পূৰ্বে জন্ম লোৱা তেওঁৰ প্ৰথম পুত্ৰ সন্তানটি জন্মৰ পিছদিনাই মৃত্যু হৈছিল।
নতুন দিল্লী, ১০ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ নতুন আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ত গান্ধী পৰিয়ালৰ এক ব্যক্তিগত আৰু বেদনাদায়ক অধ্যায়ৰ কথা প্ৰকাশ পাইছে।
ছোনীয়া গান্ধীৰ বৰ্ণনা অনুসৰি, ১৯৬৯ চনৰ ১৮ জানুৱাৰীত নিৰ্ধাৰিত সময়ৰ প্ৰায় দুমাহ পূৰ্বে তেওঁৰ প্ৰথম সন্তানটিৰ জন্ম হৈছিল।
আত্মজীৱনীখনত তেওঁ লিখিছে যে ৰাজীৱ গান্ধীয়ে তেওঁক লগত লৈ শিশুটিক চাবলৈ গৈছিল।
কিন্তু পিছদিনা পুৱা প্ৰায় ৬.৩০ বজাত ৰাজীৱ গান্ধীয়ে ছোনীয়া গান্ধীক শিশুটিৰ মৃত্যুৰ খবৰ দিয়ে।
newznow.in