নতুন দিল্লী, ১০ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ নতুন আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ত গান্ধী পৰিয়ালৰ এক ব্যক্তিগত আৰু বেদনাদায়ক অধ্যায়ৰ কথা প্ৰকাশ পাইছে। কিতাপখনত তেওঁ লিখিছে যে ৰাহুল গান্ধীৰ জন্মৰ পূৰ্বে তেওঁৰ এটি পুত্ৰ সন্তান জন্মৰ এদিন পাছতে মৃত্যু হৈছিল।
ছোনীয়া গান্ধীৰ বৰ্ণনা অনুসৰি, ১৯৬৯ চনৰ ১৮ জানুৱাৰীত নিৰ্ধাৰিত সময়ৰ প্ৰায় দুমাহ পূৰ্বে তেওঁৰ প্ৰথম সন্তানটিৰ জন্ম হৈছিল। স্বাভাৱিক প্ৰসৱেৰে জন্ম লোৱা শিশুটিক ইনকিউবেটৰত ৰখা হৈছিল আৰু চিকিৎসকে শিশুটিৰ জীয়াই থকাৰ সম্ভাৱনাক লৈ আশংকা প্ৰকাশ কৰিছিল।
আত্মজীৱনীখনত তেওঁ লিখিছে যে ৰাজীৱ গান্ধীয়ে তেওঁক লগত লৈ শিশুটিক চাবলৈ গৈছিল। ঘন ক’লা চুলি আৰু দীঘল আঙুলি থকা শিশুটিক প্ৰথমবাৰ দেখি ছোনীয়া আৰু ৰাজীৱ দুয়োৱে মৰমেৰে আঁকোৱালি লৈছিল।
কিন্তু পিছদিনা পুৱা প্ৰায় ৬.৩০ বজাত ৰাজীৱ গান্ধীয়ে ছোনীয়া গান্ধীক শিশুটিৰ মৃত্যুৰ খবৰ দিয়ে। এই ঘটনাই দুয়োকে গভীৰ শোকত পেলাইছিল বুলি তেওঁ উল্লেখ কৰিছে।
সেই সময়ত ইন্দিৰা গান্ধী দিল্লীৰ বাহিৰত আছিল। নাতিৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেওঁ ভ্ৰমণ আধাতে সামৰি চিকিৎসালয়ত উপস্থিত হৈছিল। শিশুটিৰ শেষকৃত্যক লৈ পৰিয়ালটোৱে সমস্যাৰ সন্মুখীন হোৱাৰ পাছত দিল্লীৰ মেহৰৌলীত থকা ফিৰোজ গান্ধীৰ ফাৰ্মহাউছত সমাধিস্থ কৰাৰ সিদ্ধান্ত লোৱা হয়। ৰাজীৱ গান্ধী আৰু সঞ্জয় গান্ধীয়ে গোলাপী বুগেইনভিলিয়াৰ জোপোহাৰ তলত শিশুটিক সমাধিস্থ কৰিছিল বুলি ছোনীয়া গান্ধীয়ে লিখিছে।
সন্তান হেৰুওৱাৰ পাছত তেওঁ দীৰ্ঘদিন ধৰি মানসিক যন্ত্ৰণা আৰু অপৰাধবোধৰ সৈতে যুঁজিবলগীয়া হৈছিল বুলিও আত্মজীৱনীখনত তেওঁ উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত ১৯৭০ চনৰ ১৯ জুনত ছোনীয়া আৰু ৰাজীৱ গান্ধীৰ দ্বিতীয় সন্তান ৰাহুল গান্ধীৰ জন্ম হয়।