কয়লা, চুপাৰি আৰু গৰু সৰবৰাহক কেন্দ্ৰ কৰি ছিণ্ডিকেটৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ।
গুৱাহাটী, ১০ নৱেম্বৰ: অসমৰ আৰক্ষী-প্ৰশাসন আইনৰ ভিত্তিত নহয়, ছিণ্ডিকেট আৰু মাফিয়া চক্ৰৰ দ্বাৰাহে পৰিচালিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
বিধায়কগৰাকীয়ে অভিযোগ কৰে যে মেঘালয়ৰ পৰা অহা কয়লাভৰ্তি ট্ৰাক শিৱসাগৰ সমষ্টিৰ জাঁজী নৈৰ সমীপৰ জাঁজী-হাঁহচৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা তেওঁ প্ৰত্যক্ষ কৰিছিল।
তেওঁ অভিযোগ কৰে যে একাংশ কয়লাভৰ্তি ট্ৰাক জব্দ কৰি থানালৈ নিয়াৰ পৰিৱৰ্তে আৰক্ষীয়ে নিৰাপত্তা দি মেঘালয় সীমান্ত পাৰ কৰাই দিয়ে।
জয়ন্তমল্ল বৰুৱা, বলিন চেতিয়া, ভাস্কৰ শৰ্মা, জেকি আগৰৱালা, গৌৰৱ চৌৰাচিয়া, গৌৰৱ ৰাণা, নবীন সিংঘাল আৰু ৰতন শৰ্মাৰ নাম উল্লেখ কৰি অখিল গগৈয়ে কয়লা সৰবৰাহ আৰু ছিণ্ডিকেটৰ ধনৰ সৈতে তেওঁলোক জড়িত…
newznow.in