গুৱাহাটী, ১০ নৱেম্বৰ: অসমৰ আৰক্ষী-প্ৰশাসন আইনৰ ভিত্তিত নহয়, ছিণ্ডিকেট আৰু মাফিয়া চক্ৰৰ দ্বাৰাহে পৰিচালিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দিছপুৰৰ বিধায়ক আবাসত মঙলবাৰে অনুষ্ঠিত সংবাদমেলত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ‘মাফিয়াৰ চৰ্দাৰ’ বুলি আখ্যা দিয়ে।

বিধায়কগৰাকীয়ে অভিযোগ কৰে যে মেঘালয়ৰ পৰা অহা কয়লাভৰ্তি ট্ৰাক শিৱসাগৰ সমষ্টিৰ জাঁজী নৈৰ সমীপৰ জাঁজী-হাঁহচৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা তেওঁ প্ৰত্যক্ষ কৰিছিল। প্ৰায় ৪০ৰ পৰা ৪২খন ট্ৰাক তুলী অথবা লাকুৱা ৰে'ল ষ্টেচন অভিমুখে যোৱাৰ কথা তেওঁ জানিব পাৰিছিল বুলি দাবী কৰে। এই বিষয়ে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা, আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল বুলি তেওঁৰ অভিযোগ।

“অসম এতিয়া আইনৰ দ্বাৰা নহয়, ছিণ্ডিকেট চক্ৰৰ দ্বাৰাহে পৰিচালিত হয়। অসম আৰক্ষী বা প্ৰশাসনে অসম চলোৱা নাই, ছিণ্ডিকেট আৰু মাফিয়া চক্ৰই চলাইছে।” — অখিল গগৈ

তেওঁ অভিযোগ কৰে যে একাংশ কয়লাভৰ্তি ট্ৰাক জব্দ কৰি থানালৈ নিয়াৰ পৰিৱৰ্তে আৰক্ষীয়ে নিৰাপত্তা দি মেঘালয় সীমান্ত পাৰ কৰাই দিয়ে। গোলাঘাটৰ আৰক্ষী অধীক্ষকক ট্ৰাকসমূহ জব্দ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল বুলিও তেওঁ কয়। কয়লা, চুপাৰি আৰু গৰু সৰবৰাহৰ নামত বিভিন্ন পৰ্যায়ত অবৈধ ধন সংগ্ৰহ চলি আছে বুলি অভিযোগ কৰি এই ব্যৱস্থাৰ সৈতে একাধিক ব্যক্তি জড়িত বুলি তেওঁ দাবী কৰে।

জয়ন্তমল্ল বৰুৱা, বলিন চেতিয়া, ভাস্কৰ শৰ্মা, জেকি আগৰৱালা, গৌৰৱ চৌৰাচিয়া, গৌৰৱ ৰাণা, নবীন সিংঘাল আৰু ৰতন শৰ্মাৰ নাম উল্লেখ কৰি অখিল গগৈয়ে কয়লা সৰবৰাহ আৰু ছিণ্ডিকেটৰ ধনৰ সৈতে তেওঁলোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। জব্দ কৰা চুপাৰি নিলামত কম দামত ক্ৰয় কৰি পুনৰ সৰবৰাহ কৰাৰ ব্যৱস্থা চলি আছে বুলিও তেওঁ অভিযোগ কৰে।

পশ্চিমবংগ সীমান্তত অসমৰ পৰা যোৱা একাংশ সন্দেহজনক কয়লা, চুপাৰি আৰু গৰু কঢ়িওৱা ট্ৰাকৰ চলাচলত বাধা দিয়া হৈছে বুলি দাবী কৰি অখিল গগৈয়ে কয়, ইয়াৰ পাছতে মেঘালয়ৰ কয়লা যোৰাবাট, জাগীৰোড, নগাঁও, কাজিৰঙা, দেৰগাঁও, শিৱসাগৰ, নাজিৰা আৰু হালোৱাটিঙৰ পথেৰে তুলী অথবা লাকুৱা ৰে'ল ষ্টেচনলৈ নিয়াৰ বিকল্প পথৰ পৰিকল্পনা কৰা হৈছে। এই বিষয়সমূহ উল্লেখ কৰি প্ৰধানমন্ত্ৰীলৈ এখন বিস্তৃত স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি তেওঁ জনায়।

সংবাদমেলত শিৱসাগৰৰ বানপীড়িত পৰিয়ালসমূহৰ ক্ষতিপূৰণ, ভগ্ন বাট-পথৰ মেৰামতি আৰু শীতকালত বিচনা-কম্বলৰ অভাৱৰ বিষয়েও অখিল গগৈয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁৰ অভিযোগ, সমষ্টিটোৰ কোনো বানপীড়িত পৰিয়ালেই এতিয়ালৈকে প্ৰাপ্য ক্ষতিপূৰণ লাভ কৰা নাই।

বানপানীত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়ালে শীতকালত বিচনা-কম্বলৰ অভাৱত দিন কটাবলগীয়া হৈছে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে বানপীড়িতসকলক সাহায্য প্ৰদান আৰু বাট-পথ মেৰামতিৰ বাবে চৰকাৰে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়।