প্ৰিয়ংক খাৰ্গেৰ মন্তব্য, টিপু চুলতানে চাৰিখন ইংৰাজ-মহীশূৰ যুদ্ধত যুঁজ দিছিল।
মঙলবাৰে প্ৰিয়ংক খাৰ্গেই টিপু সুলতানক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তোলে আৰু দলটোক ইতিহাস ভালদৰে পঢ়ি ল’বলৈ কয়।
খাৰ্গেৰ মতে, টিপু সুলতানে চাৰিখন এংলো-মহীশূৰ যুদ্ধত যুঁজিছিল।
আৰ এছ এছে স্বাধীনতা সংগ্ৰামত অংশ লোৱা নাছিল বুলিও খাৰ্গেই অভিযোগ কৰে।
বিজেপিয়ে টিপু জয়ন্তীৰ বিৰোধিতা কৰি আহিছে বুলি উল্লেখ কৰি খাৰ্গেই কয়, বি এছ য়েদিয়ুৰাপ্পা মুখ্যমন্ত্ৰী হৈ থকা সময়ত এখন কিতাপত টিপু সুলতানৰ প্ৰশংসা কৰিছিল।
newznow.in