মঙলবাৰে প্ৰিয়ংক খাৰ্গেই টিপু সুলতানক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তোলে আৰু দলটোক ইতিহাস ভালদৰে পঢ়ি ল’বলৈ কয়।

খাৰ্গেৰ মতে, টিপু সুলতানে চাৰিখন এংলো-মহীশূৰ যুদ্ধত যুঁজিছিল। ৰাজ্যখনলৈ তেওঁৰ অৱদান কোনো প্ৰকাৰে নুই কৰিব নোৱাৰি বুলি তেওঁ কয়।

আৰ এছ এছে স্বাধীনতা সংগ্ৰামত অংশ লোৱা নাছিল বুলিও খাৰ্গেই অভিযোগ কৰে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, দাণ্ডী যাত্ৰা বা গোলমেজ বৈঠকতো সংগঠনটো নাছিল বুলি তেওঁ দাবী কৰে।

বিজেপিয়ে টিপু জয়ন্তীৰ বিৰোধিতা কৰি আহিছে বুলি উল্লেখ কৰি খাৰ্গেই কয়, বি এছ য়েদিয়ুৰাপ্পা মুখ্যমন্ত্ৰী হৈ থকা সময়ত এখন কিতাপত টিপু সুলতানৰ প্ৰশংসা কৰিছিল।

ভোটৰ প্ৰয়োজন হ’লে বিজেপিয়ে সংখ্যালঘুৰ পক্ষ লয়, কিন্তু ভোট নালাগিলে ভিন্ন আচৰণ কৰে বুলি খাৰ্গেই অভিযোগ কৰে।