নগাঁৱৰ নৱজাতক বিক্ৰীৰ অভিযোগৰ মাজতে চাবিনা ইয়াছমিনে শিশুটিক ক্ৰয় কৰা বুলি অস্বীকাৰ কৰিছে।
‘মোক সন্তানটো বিক্ৰী কৰা নাই, লালন-পালন কৰিবলৈহে দিছে’!
নৱজাতকটিক কোলাত লৈ ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হোৱা মহিলাগৰাকীয়ে কয়, ‘মোক সন্তানটো বিক্ৰী কৰা নাই, মোক লালন-পালন কৰিবলৈহে দিছে’।
লগতে, ছোৱালী আৰু মাতৃৰ দুখৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ ২ হাজাৰ টকা দিয়া বুলিও স্বীকাৰ কৰে চাবিনা ইয়াছমিনে।
উল্লেখ্য যে, চামগুৰিৰ এগৰাকী অবিবাহিত মাতৃয়ে সদ্যোজাত সন্তানক ৩ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল।
newznow.in