NewzNow | ডেস্ক | ১০ নৱেম্বৰ, ২০২৬

‘মোক সন্তানটো বিক্ৰী কৰা নাই, লালন-পালন কৰিবলৈহে দিছে’! ৩ হাজাৰ টকাত নৱজাতক বিক্ৰীৰ অভিযোগৰ মাজতে মহিলাৰ দাবী । নগাঁৱৰ চামগুৰিত সদ্যোজাত নৱজাতকক ৩ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগক লৈ সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে ঘটনাই লৈছে নতুন মোৰ। এইবাৰ নৱজাতকটিক ক্ৰয় কৰাৰ অভিযোগ অস্বীকাৰ কৰি নিজৰ বক্তব্য প্ৰকাশ কৰিলে চামগুৰিৰ কাৱৈমাৰিৰ বাসিন্দা চাবিনা ইয়াছমিনে।

নৱজাতকটিক কোলাত লৈ ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হোৱা মহিলাগৰাকীয়ে কয়, ‘মোক সন্তানটো বিক্ৰী কৰা নাই, মোক লালন-পালন কৰিবলৈহে দিছে’। অৰ্থাৎ, তেওঁ নৱজাতকটিক ধনৰ বিনিময়ত ক্ৰয় কৰা নাই বুলি দাবী কৰে।

লগতে, ছোৱালী আৰু মাতৃৰ দুখৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ ২ হাজাৰ টকা দিয়া বুলিও স্বীকাৰ কৰে চাবিনা ইয়াছমিনে।

উল্লেখ্য যে, চামগুৰিৰ এগৰাকী অবিবাহিত মাতৃয়ে সদ্যোজাত সন্তানক ৩ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী নাৰ্ছৰ সহযোগিতা থকাৰ অভিযোগো প্ৰকাশ পাইছিল।

প্ৰাপ্ত অভিযোগ অনুসৰি, যুৱতীগৰাকীৰ সৈতে দিব্যাংশ কুমাৰ নামৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেই সম্পৰ্কৰ ফলতে তেওঁ গৰ্ভৱতী হৈছিল। কিন্তু যুৱতীগৰাকীক বিয়া কৰোৱাৰ পৰিৱৰ্তে যুৱকজনে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইফালে, নৱজাতকটিক বিক্ৰী কৰা হোৱা নাছিল, বৰঞ্চ লালন-পালনৰ বাবে চাবিনা ইয়াছমিনক দিয়া হৈছিল বুলি মহিলাগৰাকীয়ে কৰা দাবীয়ে ঘটনাটোত নতুন দিশৰ অৱতাৰণা কৰিছে।