ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ষান্মাসিক পৰীক্ষাৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰি পাছিঘাটৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতাই শিক্ষাৰ্থীসকলৰ মুক্তিৰ দাবী জনাইছে।
পাছিঘাট, ১০ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পবিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ…
প্ৰযোজ্য আইনী প্ৰক্ৰিয়া অনুসৰি শিক্ষাৰ্থীসকলক মুকলি কৰি দিয়াৰ বিষয়টো বিবেচনা কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে সংগঠনটোৱে।
উল্লেখ্য, ২৩ অক্টোবৰত পাছিঘাটত প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে চলা প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল।
প্ৰতিবাদৰ সময়ত শিলগুটি নিক্ষেপ, অগ্নিসংযোগ আৰু ভাঙি-ছিঙি ক্ষতিসাধনৰ ঘটনা সংঘটিত হৈছিল।
newznow.in