পাছিঘাট, ১০ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পবিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ১৮গৰাকী শিক্ষাৰ্থীৰ শীঘ্ৰে মুক্তিৰ দাবী জনাইছে মহাবিদ্যালয়খনৰ ছাত্ৰ একতাই।

ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ষান্মাসিক পৰীক্ষাৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰি ছাত্ৰ একতাই পূব ছিয়াং জিলাৰ আৰক্ষী অধীক্ষক পংকজ লাম্বালৈ এখন আবেদন প্ৰেৰণ কৰিছে। দীৰ্ঘদিন ধৰি আটক হৈ থকাত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনা আৰু পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ সৃষ্টি হ'ব পাৰে বুলি আবেদনখনত উল্লেখ কৰা হৈছে।

প্ৰযোজ্য আইনী প্ৰক্ৰিয়া অনুসৰি শিক্ষাৰ্থীসকলক মুকলি কৰি দিয়াৰ বিষয়টো বিবেচনা কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে সংগঠনটোৱে। মুকলি কৰি দিয়া হ'লে শিক্ষাৰ্থীসকলক শৃংখলা মানি চলিবলৈ আৰু মহাবিদ্যালয় তথা সমাজত শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ব বুলিও ছাত্ৰ একতাই আশ্বাস দিছে।

উল্লেখ্য, ২৩ অক্টোবৰত পাছিঘাটত প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে চলা প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল। স্থানীয় সংগঠন আৰু বাসিন্দাসকলে প্ৰকল্পটোৰ সম্ভাৱ্য প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰাৰম্ভিক জৰীপৰ কাম বন্ধ কৰাৰ দাবী জনাইছিল।

প্ৰতিবাদৰ সময়ত শিলগুটি নিক্ষেপ, অগ্নিসংযোগ আৰু ভাঙি-ছিঙি ক্ষতিসাধনৰ ঘটনা সংঘটিত হৈছিল। এনএইচপিচিৰ কাৰ্যালয় আৰু আৰক্ষীৰ স্থাপনাক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল। কেইবাখনো আৰক্ষী বাহন আৰু স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি ৰাজনৈতিক নেতাসকলৰ বাসগৃহতো ক্ষতিসাধন কৰা হৈছিল। সংঘৰ্ষত কেইবাগৰাকী আৰক্ষী জোৱানো আহত হৈছিল।

ঘটনাৰ পাছত আৰক্ষীয়ে কেইবাটাও গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষী অধীক্ষক পংকজ লাম্বাই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা ১৮গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১০গৰাকী বৰ্তমান ন্যায়িক জিম্মাত আছে আৰু বাকী ৮গৰাকীয়ে জামিন লাভ কৰিছে।