পাঞ্জাবাৰীৰ পুৰবী ডেইৰীৰ পৰা সম্ভাব্য বিষাক্ত গেছ নিৰ্গমন আৰু দুৰ্গন্ধৰ অভিযোগত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে।
গুৱাহাটী: মহানগৰীৰ পাঞ্জাবাৰীত অৱস্থিত পুৰবী ডেইৰীৰ পৰা বিষাক্ত গেছ নিৰ্গমন হোৱাৰ অভিযোগ উঠিছে।
বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিছে।
মঙলবাৰে কেবিনেট বৈঠকৰ পাছত বিষয়টো উত্থাপন হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত পূৰ্বে অৱগত নাছিল বুলি জানায়।
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক বিষয়টো পৰীক্ষা কৰিবলৈ কোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে।
newznow.in