গুৱাহাটী: মহানগৰীৰ পাঞ্জাবাৰীত অৱস্থিত পুৰবী ডেইৰীৰ পৰা বিষাক্ত গেছ নিৰ্গমন হোৱাৰ অভিযোগ উঠিছে। শিলগ্ৰাম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আশে-পাশে থকা অঞ্চলৰ একাংশ বাসিন্দাই দুৰ্গন্ধ আৰু অস্বস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ কৰিছে।

বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিছে।

মঙলবাৰে কেবিনেট বৈঠকৰ পাছত বিষয়টো উত্থাপন হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত পূৰ্বে অৱগত নাছিল বুলি জানায়।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক বিষয়টো পৰীক্ষা কৰিবলৈ কোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। সেইদিনাই পৰিষদক বিষয়টো সন্দৰ্ভত খবৰ ল'বলৈ নিৰ্দেশ দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়।

উল্লেখ্য যে, পাঞ্জাবাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলে দুৰ্গন্ধ আৰু সম্ভাব্য গেছ নিৰ্গমনৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।