শোণিতপুৰৰ সোনাইৰূপাই অভয়াৰণ্যৰ গেলগেলি অঞ্চলত বন বিভাগৰ অভিযানত হাতে সজা বন্দুকসহ পাঁচজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
শোণিতপুৰ: সোনাইৰূপাই অভয়াৰণ্যত বন বিভাগে অভিযান চলাই অস্ত্ৰসহ পাঁচজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে।
কালামটি বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনৰক্ষীৰ এটা দলে অভয়াৰণ্যখনৰ গেলগেলি নামৰ দুৰ্গম অঞ্চলত অভিযান চলাই পাঁচজনক গ্ৰেপ্তাৰ কৰে।
ধৃত চোৰাং চিকাৰীকেইজনৰ পৰা এটা হাতেসজা খাজা বন্দুক আৰু চোকা অস্ত্ৰ জব্দ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা আন চাৰিজন হ'ল তালা চৰেণ, মন্টি মুৰ্মু, চামাটো চৰেণ আৰু মংগল হাছদা।
newznow.in