শোণিতপুৰ: সোনাইৰূপাই অভয়াৰণ্যত বন বিভাগে অভিযান চলাই অস্ত্ৰসহ পাঁচজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে।
কালামটি বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনৰক্ষীৰ এটা দলে অভয়াৰণ্যখনৰ গেলগেলি নামৰ দুৰ্গম অঞ্চলত অভিযান চলাই পাঁচজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনে দীৰ্ঘদিন ধৰি বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি আহিছিল বুলি বন বিভাগে জনাইছে।
ধৃত চোৰাং চিকাৰীকেইজনৰ পৰা এটা হাতেসজা খাজা বন্দুক আৰু চোকা অস্ত্ৰ জব্দ কৰা হৈছে। জব্দ কৰা বন্দুকটো হাপন চৰেণ নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে।
গ্ৰেপ্তাৰ হোৱা আন চাৰিজন হ'ল তালা চৰেণ, মন্টি মুৰ্মু, চামাটো চৰেণ আৰু মংগল হাছদা।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সোনাইৰূপাই অভয়াৰণ্য পৰিদৰ্শন কৰি বেদখলকাৰী আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সতৰ্কবাণী দিছিল।
বন বিভাগে আটাইকেইজন অভিযুক্তকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।