ডিব্ৰুগড়ৰ টেঙাখাতত অইলৰ আইটিএফ প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত চিকিৎসাধীন শ্ৰমিক গোলাপ দত্তৰ মৃত্যু হৈছে।
ডিব্ৰুগড়, ১০ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্ম প্ৰকল্পত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে।
মৃত শ্ৰমিকজন টেঙাখাতৰ উল্টন বৰদলনিৰ বাসিন্দা গোলাপ দত্ত।
যোৱা ৬ নৱেম্বৰত অইলৰ আইটিএফ প্ৰকল্পত এক শক্তিশালী বিস্ফোৰণৰ পাছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল।
আহত শ্ৰমিকসকলক প্ৰথমে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
newznow.in