ডিব্ৰুগড়, ১০ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্ম প্ৰকল্পত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে। চিকিৎসাধীন অৱস্থাত আন এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছতে মৃতকৰ সংখ্যা বৃদ্ধি পায়।
মৃত শ্ৰমিকজন টেঙাখাতৰ উল্টন বৰদলনিৰ বাসিন্দা গোলাপ দত্ত। অগ্নিকাণ্ডত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা গোলাপ দত্তক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছিল। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
যোৱা ৬ নৱেম্বৰত অইলৰ আইটিএফ প্ৰকল্পত এক শক্তিশালী বিস্ফোৰণৰ পাছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। প্ৰাৰম্ভিক তথ্য অনুসৰি, খাৰুৱা তেল সংৰক্ষণ কৰা অঞ্চলত বিস্ফোৰণটো সংঘটিত হৈছিল। ঘটনাটোত কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল।
আহত শ্ৰমিকসকলক প্ৰথমে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁলোক মুম্বাইস্থিত স্পেকট্ৰন ইঞ্জিনীয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী। প্ৰতিষ্ঠানটোৱে অইলৰ হৈ প্ৰকল্পটোত কাম কৰি আছিল।
আহতসকলৰ ভিতৰত শৈলেন গগৈ (৪৫), তপস গগৈ (৪০), কুমুদ গগৈ (৩৮) আৰু ইন্দ্ৰ গগৈ (৪০) আছিল। ইয়াৰ পূৰ্বে তপস গগৈ আৰু ৰূপম গগৈৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল।
বিস্ফোৰণ আৰু তাৰ পাছৰ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোৰ কাৰণ নিৰ্ণয়ৰ বাবে অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।