কালিগঞ্জ-ৰতনপুৰত পাটিয়াৰা সম্প্ৰদায়ৰ ৫০গৰাকী মহিলা শিপিনীক বজাৰ, ডিজিটেল সেৱা আৰু চৰকাৰী আঁচনিৰ সৈতে সংযোগৰ উদ্যোগ লোৱা হৈছে।
শ্ৰীভূমি, ১০ নৱেম্বৰ: প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা শীতলপাট বোৱা পৰম্পৰাক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জ-ৰতনপুৰ অঞ্চলত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এনইডিএফআইৰ চিএছআৰ সহযোগিতাত ইণ্ডিয়ান আৱাজ ফাউণ্ডেশ্যনে ছমহীয়া কাৰ্যসূচী হিচাপে ‘শীতলপাট শিল্পী জীৱিকা আৰু ডিজিটেল সৱলীকৰণ উদ্যোগ’ ৰূপায়ণ কৰিছে।
পাটিয়াৰা সম্প্ৰদায়ৰ মহিলাসকলে দীৰ্ঘদিন ধৰি স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰে শীতলপাট তৈয়াৰ কৰি আহিছে।
এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ফাউণ্ডেশ্যনটোৰ বৰাক উন্নয়ন কেন্দ্ৰৰ অধীনত দুটা বিশেষ সুবিধা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।
newznow.in