শ্ৰীভূমি, ১০ নৱেম্বৰ: প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা শীতলপাট বোৱা পৰম্পৰাক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জ-ৰতনপুৰ অঞ্চলত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে পাটিয়াৰা সম্প্ৰদায়ৰ ৫০গৰাকী মহিলা শিপিনীৰ জীৱিকাৰ উন্নয়ন, ডিজিটেল সেৱাৰ সুবিধা আৰু চৰকাৰী আঁচনিৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
এনইডিএফআইৰ চিএছআৰ সহযোগিতাত ইণ্ডিয়ান আৱাজ ফাউণ্ডেশ্যনে ছমহীয়া কাৰ্যসূচী হিচাপে ‘শীতলপাট শিল্পী জীৱিকা আৰু ডিজিটেল সৱলীকৰণ উদ্যোগ’ ৰূপায়ণ কৰিছে। পৰম্পৰাগত শীতলপাট বোৱা শিল্পৰ সৈতে জড়িত মহিলাসকলৰ আয়ৰ সুযোগ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক আধুনিক বজাৰ আৰু প্ৰয়োজনীয় চৰকাৰী সেৱাৰ সৈতে সংযুক্ত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
পাটিয়াৰা সম্প্ৰদায়ৰ মহিলাসকলে দীৰ্ঘদিন ধৰি স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰে শীতলপাট তৈয়াৰ কৰি আহিছে। বৰাক উপত্যকাৰ পৰম্পৰাগত জীৱনধাৰাৰ সৈতে জড়িত এই শিল্প সম্প্ৰদায়টোৰ সাংস্কৃতিক পৰিচয়ৰো এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু সীমিত বজাৰ সুবিধা, কম বিক্ৰীমূল্য, নতুন আৰ্হিৰ বিষয়ে পৰ্যাপ্ত জ্ঞানৰ অভাৱ আৰু শিক্ষাৰ সীমাবদ্ধতাই শিপিনীসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে।
এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ফাউণ্ডেশ্যনটোৰ বৰাক উন্নয়ন কেন্দ্ৰৰ অধীনত দুটা বিশেষ সুবিধা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে এটা হৈছে শিল্পী উদ্যোগ কেন্দ্ৰ আৰু আনটো শিল্পী ডিজিটেল সেৱা কেন্দ্ৰ।
শিল্পী উদ্যোগ কেন্দ্ৰৰ জৰিয়তে শিপিনীসকলক শীতলপাটৰ নতুন আৰ্হি, উন্নত মানৰ সামগ্ৰী প্ৰস্তুত, সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ আৰু বজাৰ সম্প্ৰসাৰণৰ বিষয়ে সহায় কৰা হ'ব। পৰম্পৰাগত শীতলপাটৰ উপৰি ঘৰ সজোৱা সামগ্ৰী, বেগ আৰু বিভিন্ন আনুষংগিক সামগ্ৰী প্ৰস্তুত কৰি নতুন বজাৰৰ সৈতে সংযোগ স্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে।
আনহাতে, শিল্পী ডিজিটেল সেৱা কেন্দ্ৰৰ জৰিয়তে শিপিনী আৰু তেওঁলোকৰ পৰিয়ালক চৰকাৰী আঁচনিৰ তথ্য, অনলাইন পঞ্জীয়ন, আবেদন প্ৰক্ৰিয়া, প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত আৰু বিভিন্ন সেৱা লাভৰ ক্ষেত্ৰত সহায় কৰা হ'ব। আবেদন প্ৰক্ৰিয়াৰ পৰা সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগলৈকে সহায় আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে।
পৰম্পৰাগত শিল্পীসকলৰ দক্ষতাক প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতিও গুৰুত্ব দিয়া প্ৰয়োজন। পাটিয়াৰা সম্প্ৰদায়ৰ মহিলাসকলে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি শীতলপাট বোৱাৰ পৰম্পৰা জীয়াই ৰাখিছে। এতিয়া তেওঁলোকক উন্নত বজাৰ, তথ্য, ডিজিটেল সেৱা আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়োজন বুলি ফাউণ্ডেশ্যনটোৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক মহম্মদ নাজিম আহমেদে কয়।
তেওঁ জনায় যে বৰাক উন্নয়ন কেন্দ্ৰৰ জৰিয়তে বৰাক উপত্যকাৰ বিভিন্ন সম্প্ৰদায়ৰ উন্নয়নৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা এক সম্পদকেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এই পদক্ষেপৰ বাবে এনইডিএফআইৰ সহযোগিতাৰ শলাগ লৈ ফাউণ্ডেশ্যনটোৱে পৰম্পৰাগত শিল্প সংৰক্ষণৰ লগতে ইয়াৰ সৈতে জড়িত মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।