অসম

ডিগবৈ ভীমপথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈৰ ভীমপথাৰ অঞ্চলত দুটা বনৰীয়া হাতীৰ উপদ্ৰৱত কেইবাবিঘা ধাননি পথাৰৰ শস্য নষ্ট হৈছে।

২ / ৫

ডিগবৈ, ১০ নৱেম্বৰ: ডিগবৈৰ পাৰ্শ্বৱৰ্তী ভীমপথাৰ অঞ্চলত দুটা বনৰীয়া হাতীৰ উপদ্ৰৱত চিন্তিত হৈ পৰিছে স্থানীয় কৃষক ৰাইজ।

৩ / ৫

বছৰজোৰা কষ্টৰে উৎপাদন কৰা ধান চপোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱত বিপাঙত পৰিছে কৃষকসকল।

৪ / ৫

ইফালে, হাতী দুটাক নিয়ন্ত্ৰণ কৰি কৃষকৰ খেতিপথাৰ সুৰক্ষিত কৰাৰ বাবে বন বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।

৫ / ৫

উল্লেখ্য যে, বিগত বহুদিন ধৰি বৃহত্তৰ ডিগবৈৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা জাকে আপাৰ দিহিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।

ডিগবৈ ভীমপথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক