ডিগবৈ, ১০ নৱেম্বৰ: ডিগবৈৰ পাৰ্শ্বৱৰ্তী ভীমপথাৰ অঞ্চলত দুটা বনৰীয়া হাতীৰ উপদ্ৰৱত চিন্তিত হৈ পৰিছে স্থানীয় কৃষক ৰাইজ। যোৱা কিছুদিন ধৰি নিশাৰ ভাগত হাতী দুটাই ধাননি পথাৰত প্ৰৱেশ কৰি পকিবলৈ ধৰা ধান খোৱাৰ লগতে গচকি তহিলং কৰাত কেইবাবিঘা কৃষিভূমিৰ শস্য নষ্ট হৈছে।
বছৰজোৰা কষ্টৰে উৎপাদন কৰা ধান চপোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱত বিপাঙত পৰিছে কৃষকসকল। হাতীৰ আক্ৰমণত খেতি নষ্ট হোৱাৰ আশংকাত একাংশ কৃষকে সময়ৰ পূৰ্বেই খৰধৰকৈ ধান কাটিবলৈ আৰম্ভ কৰিছে। হাতীৰ উপদ্ৰৱ অব্যাহত থাকিলে এইবাৰ বহু কৃষকে উৎপাদিত শস্য হেৰুৱাবলগীয়া হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।
ইফালে, হাতী দুটাক নিয়ন্ত্ৰণ কৰি কৃষকৰ খেতিপথাৰ সুৰক্ষিত কৰাৰ বাবে বন বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, বিগত বহুদিন ধৰি বৃহত্তৰ ডিগবৈৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা জাকে আপাৰ দিহিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। হাতীৰ জাকটোৱে স্থানীয় লোকৰ ঘৰত প্ৰৱেশ কৰি বাৰীত থকা ফল-মূলৰ গছ-গছনি খোৱাৰ লগতে গছ-গছনি ভাঙি অনিষ্ট সাধন কৰাৰ কথাও স্থানীয় ৰাইজে জানিবলৈ দিছে।
এই সন্দৰ্ভত ডিগবৈ বন বিভাগক বনৰীয়া হাতীৰ জাকটোৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে যদিও এতিয়ালৈকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে।
এনে পৰিস্থিতিত কৃষকৰ শস্য আৰু জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।