অসমৰ ডিগাৰু ষ্টেচনত কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিনসহ পাঁচটা ডবা লাইনচ্যুত হৈছে।
ডিগাৰু, ১১ নৱেম্বৰ: অসমৰ ডিগাৰু ষ্টেচনত কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিন আৰু পাঁচটা ডবা লাইনচ্যুত হৈছে।
১৩১২৫ নম্বৰৰ ৰে'লখন ষ্টেচনত প্ৰৱেশ কৰোৱাৰ সময়ত আন এখন ৰে'লক অগ্ৰাধিকাৰ দিবলৈ গৈ লোকো পাইলটে ৰে'লখনৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
ৰে'লখনৰ সকলো যাত্ৰী সুৰক্ষিত আছে।
ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।
newznow.in