ডিগাৰু, ১১ নৱেম্বৰ: অসমৰ ডিগাৰু ষ্টেচনত কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিন আৰু পাঁচটা ডবা লাইনচ্যুত হৈছে। পুৱা প্ৰায় ৬ বাজি ৫৪ মিনিটত সংঘটিত এই ঘটনাটোত কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই বুলি ৰে'লৱেই জনাইছে।

১৩১২৫ নম্বৰৰ ৰে'লখন ষ্টেচনত প্ৰৱেশ কৰোৱাৰ সময়ত আন এখন ৰে'লক অগ্ৰাধিকাৰ দিবলৈ গৈ লোকো পাইলটে ৰে'লখনৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ৰে'লখনৰ সকলো যাত্ৰী সুৰক্ষিত আছে। যাত্ৰীসকলক বিকল্প ৰে'ললৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা চলিছে।

ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। ৰে'লৱেৰ মহাপ্ৰবন্ধকসহ আন বিষয়াসকল ঘটনাস্থলীলৈ ৰাওনা হৈছে।