ওদালগুৰিৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত বেলতলাত স্কুটাৰৰ কাষত মৃত অৱস্থাত উদ্ধাৰ হয় ছৈয়দ খিজিৰুল ইছলাম।
ওদালগুৰি: টাংলা চহৰৰ ব্যৱসায়ী ছৈয়দ খিজিৰুল ইছলামৰ মৃত্যুক লৈ পৰিয়ালে অস্বাভাৱিকতাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীৰ ওচৰত বিস্তৃত তদন্তৰ দাবী জনাইছে।
টাংলা চহৰৰ ‘ছানী মেডিকছ’ৰ স্বত্বাধিকাৰী ইছলামক সোমবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত বেলতলা-হাতীগড়ত তেওঁৰ স্কুটাৰৰ কাষত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
পৰিয়ালে দাখিল কৰা এজাহাৰত মৃতদেহৰ অৱস্থা আৰু পৰি থকা স্থানৰ লগতে আঘাতৰ ধৰণক লৈ সন্দেহ প্ৰকাশ কৰা হৈছে।
পৰিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি নিৰপেক্ষ আৰু ন্যায়সংগত তদন্ত নিশ্চিত কৰাৰ আহ্বান জনাইছে।
newznow.in