ওদালগুৰি: টাংলা চহৰৰ ব্যৱসায়ী ছৈয়দ খিজিৰুল ইছলামৰ মৃত্যুক লৈ পৰিয়ালে অস্বাভাৱিকতাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীৰ ওচৰত বিস্তৃত তদন্তৰ দাবী জনাইছে। ঘটনাটো পথ দুৰ্ঘটনা নে চিকিৎসাজনিত জৰুৰী অৱস্থা আছিল, সেই বিষয়েও পৰিয়ালে প্ৰশ্ন উত্থাপন কৰিছে।

টাংলা চহৰৰ ‘ছানী মেডিকছ’ৰ স্বত্বাধিকাৰী ইছলামক সোমবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত বেলতলা-হাতীগড়ত তেওঁৰ স্কুটাৰৰ কাষত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

পৰিয়ালে দাখিল কৰা এজাহাৰত মৃতদেহৰ অৱস্থা আৰু পৰি থকা স্থানৰ লগতে আঘাতৰ ধৰণক লৈ সন্দেহ প্ৰকাশ কৰা হৈছে। এজাহাৰত অজ্ঞাত দুৰ্বৃত্তই ইছলামক পথ আগচি ধৰি আক্ৰমণ কৰাৰ পাছত ঘটনাটোক দুৰ্ঘটনা হিচাপে দেখুৱাবলৈ চেষ্টা কৰা হ’ব পাৰে বুলি অভিযোগ কৰা হৈছে।

পৰিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি নিৰপেক্ষ আৰু ন্যায়সংগত তদন্ত নিশ্চিত কৰাৰ আহ্বান জনাইছে। ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ উপযুক্ত ধাৰাত গোচৰ ৰুজু কৰি হত্যাৰ সম্ভাৱনাকে ধৰি সকলো দিশ তদন্ত কৰিবলৈও এজাহাৰত অনুৰোধ জনোৱা হৈছে।

চিকিৎসা ব’ৰ্ডৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ’গ্ৰাফীসহ মৰণোত্তৰ পৰীক্ষা, ঘটনাস্থল আৰু ইছলামৰ স্কুটাৰৰ ফৰেনছিক পৰীক্ষা, লগতে উপলব্ধ সকলো বৈজ্ঞানিক প্ৰমাণ সংৰক্ষণৰ দাবী জনাইছে পৰিয়ালে।

ইয়াৰ উপৰি আশে-পাশে থকা অঞ্চলৰ চিচিটিভি দৃশ্য তৎক্ষণাৎ সংগ্ৰহ, কলৰ বিশদ তথ্য আৰু মোবাইল টাৱাৰৰ ডাম্প তথ্য পৰীক্ষাৰ জৰিয়তে ঘটনাক্ৰম নিৰ্ধাৰণ কৰাৰ লগতে সম্ভাৱ্য সন্দেহভাজন লোকক চিনাক্ত কৰাৰ দাবীও জনোৱা হৈছে।