তেজপুৰ আৰক্ষীয়ে ধনদাবী আৰু উৎকোচ লোৱাৰ অভিযোগত দুজন গৃহৰক্ষী জোৱানক আটক কৰিছে।
তেজপুৰত ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ দুই গৃহৰক্ষী জোৱান।
তেজপুৰ চহৰৰ মিছন চাৰিআলিত ধনদাবী আৰু উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দুজন গৃহৰক্ষী বাহিনীৰ জোৱান।
প্ৰকাশিত বাতৰি অনুসৰি, ৰিংকু বৰাৰ ঘৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আৰু শিৱপ্ৰসাদ বৰাৰ ঘৰ তেজপুৰৰ সোপোৰাচুবুৰীৰ কলিতা গাঁৱত।
জানিব পৰা মতে, দুয়োজন জোৱান মিছন চাৰিআলিত নিৰ্মাণৰত উৰণীয়া সেতুখনৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল।
newznow.in