তেজপুৰ, ১০ নৱেম্বৰ, ২০২৬:
তেজপুৰত ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ দুই গৃহৰক্ষী জোৱান। আটকাধীন গৃহৰক্ষী জোৱান দুজন হৈছে ৰিংকু বৰা আৰু শিৱপ্ৰসাদ বৰা। দুয়ো মিছন চাৰিআলিৰ নিৰ্মীয়মাণ উৰণসেতুত কৰ্মৰত আছিল।
তেজপুৰ চহৰৰ মিছন চাৰিআলিত ধনদাবী আৰু উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দুজন গৃহৰক্ষী বাহিনীৰ জোৱান। কছাৰীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জোৱান দুজন হৈছে ৰিংকু বৰা আৰু শিৱপ্ৰসাদ বৰা।
প্ৰকাশিত বাতৰি অনুসৰি, ৰিংকু বৰাৰ ঘৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আৰু শিৱপ্ৰসাদ বৰাৰ ঘৰ তেজপুৰৰ সোপোৰাচুবুৰীৰ কলিতা গাঁৱত।
জানিব পৰা মতে, দুয়োজন জোৱান মিছন চাৰিআলিত নিৰ্মাণৰত উৰণীয়া সেতুখনৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল। সেই সময়তে শিৱসাগৰ জিলাৰ ডিখৌমুখৰ বাসিন্দা দীপু কাকতি নামৰ এজন যুৱকে শিৱসাগৰলৈ যাবলৈ বাছৰ অপেক্ষাত থাকোঁতে জোৱান দুজনে তেওঁৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হয়।
এই সন্দৰ্ভত যুৱকজনে আৰক্ষীৰ কাষ চপাত কছাৰীগাঁও আৰক্ষী চকীত গোচৰ ৰুজু কৰা হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই দুয়োজন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰে।