অসম

শ্ৰীভূমিত বিহু শিল্পীক আক্ৰমণৰ অভিযোগ, দোষীক কঠোৰ শাস্তিৰ দাবী আছুৰ

NewzNow · ২৫ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

শ্ৰীভূমিত অসমীয়া গীত-মাত পৰিৱেশন কৰিবলৈ যোৱা বিহু শিল্পী দলক আক্ৰমণ, ঢোল ভাঙি দিয়া আৰু মহিলা সদস্যক অপদস্থ কৰাৰ অভিযোগ উঠিছে।

২ / ৫

ছাত্ৰ সন্থাৰ অভিযোগ, বিহু গীত আৰু বিহুনাম পৰিৱেশন কৰাৰ সময়ত শিল্পী দলটোক মাৰপিট কৰা হয়।

৩ / ৫

সংগঠনটোৱে জনোৱা মতে, ঘটনাৰ খবৰ পোৱাৰ পাছতে কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলা ছাত্ৰ সন্থাই শিল্পী দলটোৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিছে।

৪ / ৫

দোষীৰ কঠোৰ শাস্তিৰ দাবীত কাইলৈ শ্ৰীভূমিৰ আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে।

৫ / ৫

আৰক্ষীয়ে আটক কৰাৰ পাছত অভিযুক্তসকলক ৰাতিৰ ভিতৰতে এৰি দিয়াৰো অভিযোগ উঠিছে।

শ্ৰীভূমিত বিহু শিল্পীক আক্ৰমণৰ অভিযোগ, দোষীক কঠোৰ শাস্তিৰ দাবী আছুৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক