শ্ৰীভূমিত অসমীয়া গীত-মাত পৰিৱেশন কৰিবলৈ যোৱা এটা বিহু শিল্পী দলক আক্ৰমণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই ঘটনাক জঘন্য আৰু ক্ষমাৰ অযোগ্য বুলি আখ্যা দি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে।

ছাত্ৰ সন্থাৰ অভিযোগ, বিহু গীত আৰু বিহুনাম পৰিৱেশন কৰাৰ সময়ত শিল্পী দলটোক মাৰপিট কৰা হয়। দলটোৰ সৈতে থকা ঢোল ভাঙি টুকুৰা-টুকুৰ কৰা আৰু মহিলা সদস্যসকলকো অপদস্থ কৰাৰ অভিযোগ উঠিছে।

সংগঠনটোৱে জনোৱা মতে, ঘটনাৰ খবৰ পোৱাৰ পাছতে কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলা ছাত্ৰ সন্থাই শিল্পী দলটোৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিছে।

দোষীৰ কঠোৰ শাস্তিৰ দাবীত কাইলৈ শ্ৰীভূমিৰ আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে।

আৰক্ষীয়ে আটক কৰাৰ পাছত অভিযুক্তসকলক ৰাতিৰ ভিতৰতে এৰি দিয়াৰো অভিযোগ উঠিছে। এই অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপ বিচৰা হৈছে।

বৰাক উপত্যকাত এনেধৰণৰ ঘটনা যাতে পুনৰ নঘটে, তাৰ বাবে দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰাৰ দাবী জনাই ছাত্ৰ সন্থাই অসমত সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ মিলিজুলি থকাৰ পৰিৱেশ বজাই ৰখাৰ আহ্বান জনাইছে।