ঝাৰখণ্ডৰ জনজাতীয় অধিকাৰ কৰ্মী নিশা ভগতৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে।
ৰাঁচী, ১১ নৱেম্বৰ: ঝাৰখণ্ডৰ জনজাতীয় অধিকাৰ কৰ্মী নিশা ভগতৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইক অৰ্পণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে।
হেমন্ত ছোৰেনে কয় যে, নিশা ভগতৰ মৃত্যুৰ তদন্ত এতিয়াৰে পৰা চিবিআইয়ে কৰিব।
৩৯ বছৰীয়া নিশা ভগতৰ ৬ নৱেম্বৰত মৃত্যু হৈছিল।
তেওঁৰ মৃত্যুৰ পাছত পৰিয়ালে ঘটনাটোৰ আঁৰত ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰি নিৰপেক্ষ চিবিআই তদন্তৰ দাবী জনাইছিল।
newznow.in