ৰাঁচী, ১১ নৱেম্বৰ: ঝাৰখণ্ডৰ জনজাতীয় অধিকাৰ কৰ্মী নিশা ভগতৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইক অৰ্পণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে। মঙলবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে।
হেমন্ত ছোৰেনে কয় যে, নিশা ভগতৰ মৃত্যুৰ তদন্ত এতিয়াৰে পৰা চিবিআইয়ে কৰিব। এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ জনায়।
৩৯ বছৰীয়া নিশা ভগতৰ ৬ নৱেম্বৰত মৃত্যু হৈছিল। মৃত্যুৰ কিছু সময় পূৰ্বে তেওঁ ফেচবুক লাইভযোগে ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু ভূমি দালালৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছিল।
তেওঁৰ মৃত্যুৰ পাছত পৰিয়ালে ঘটনাটোৰ আঁৰত ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰি নিৰপেক্ষ চিবিআই তদন্তৰ দাবী জনাইছিল। নিশাৰ পিতৃৰ অভিযোগৰ ভিত্তিত ৭ নৱেম্বৰত আৰক্ষীয়ে দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ঘটনাটোক লৈ উত্থাপিত অভিযোগৰ পাছতে পিথোৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ কুমাৰ পাণ্ডেক দায়িত্বৰ পৰা আঁতৰাই আৰক্ষী লাইনলৈ প্ৰেৰণ কৰা হৈছে। ৰাঁচী গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ গোস্বামীয়ে এই কথা নিশ্চিত কৰিছে।
ইফালে, ৰাষ্ট্ৰীয় জনজাতি আয়োগেও ঘটনাটোত নিজাববীয়াকৈ হস্তক্ষেপ কৰিছে। আয়োগে ঝাৰখণ্ডৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু ৰাঁচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী প্ৰেৰণ কৰি সাত দিনৰ ভিতৰত অভিযোগসমূহৰ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন বিচাৰিছে।
নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল নকৰিলে সংশ্লিষ্ট বিষয়াসকলক নতুন দিল্লীত আয়োগৰ সন্মুখত ব্যক্তিগতভাৱে অথবা প্ৰতিনিধিৰ জৰিয়তে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হ'ব পাৰে বুলি আয়োগে সতৰ্ক কৰি দিছে।