মাইজানত কুঠাৰেৰে আক্ৰমণত গুৰুতৰভাৱে আহত ২৪ বছৰীয়া আমান বেদিয়াৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে।
ডিব্ৰুগড়, ১১ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ মাইজানত কুঠাৰেৰে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হৈ ২৪ বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে।
নিহত যুৱকজনক মাইজান নৰ্থ লাইনৰ বাসিন্দা আমান বেদিয়া বুলি চিনাক্ত কৰা হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, ১০ নৱেম্বৰৰ দিনৰ ভাগতে সন্তোষ ভূঞা নামৰ লোকজনে এখন চোকা কুঠাৰেৰে আমানক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।
আক্ৰমণত গুৰুতৰভাৱে আহত আমানক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
newznow.in