উত্তৰ-পূৰ্বাঞ্চল

জনজাতীয় সমাজক লৈ বিতৰ্কিত মন্তব্যৰ অভিযোগ; বিজেপি বিধায়কৰ ক্ষমা দাবী

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

ত্ৰিপুৰাৰ জনজাতীয় সমাজক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বক্সনগৰৰ বিজেপি বিধায়কগৰাকীয়ে ৰাজহুৱাভাৱে নিঃচৰ্ত ক্ষমা খোজাৰ দাবী জনাইছে পল ডাংছুৱে।

২ / ৫

আগৰতলা, ১১ নৱেম্বৰ: ত্ৰিপুৰাৰ জনজাতীয় সমাজক লৈ বক্সনগৰৰ বিজেপি বিধায়কগৰাকীয়ে আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপিত হোৱাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে।

৩ / ৫

সামাজিক মাধ্যমত প্ৰচাৰিত বিধায়কগৰাকীৰ নিৰ্বাচনী প্ৰচাৰৰ এটা ভিডিঅ’ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাংছুৱে মন্তব্যটোক সংকীৰ্ণতা আৰু অহংকাৰৰ প্ৰকাশ বুলি অভিহিত কৰে।

৪ / ৫

ভিডিঅ’টোত জনজাতীয় লোকসকলে গাহৰিৰ সৈতে খায়, বংশবৃদ্ধি কৰে আৰু বাস কৰে বুলি মন্তব্য কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰি ডাংছুৱে আপত্তি প্ৰকাশ কৰে।

৫ / ৫

ইয়াৰ উপৰি, টিপ্ৰা মথা পাৰ্টি আৰু জনজাতীয় লোকসকলক উপহাস কৰা তথা হাঁহি-ঠাট্টা কৰাৰ অভিযোগো উত্থাপন কৰে তেওঁ।

জনজাতীয় সমাজক লৈ বিতৰ্কিত মন্তব্যৰ অভিযোগ; বিজেপি বিধায়কৰ ক্ষমা দাবী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক