আগৰতলা, ১১ নৱেম্বৰ: ত্ৰিপুৰাৰ জনজাতীয় সমাজক লৈ বক্সনগৰৰ বিজেপি বিধায়কগৰাকীয়ে আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপিত হোৱাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে। টিপ্ৰা মথা পাৰ্টিৰ বিধায়ক পল ডাংছুৱে সংশ্লিষ্ট বিধায়কগৰাকীয়ে ৰাজহুৱাভাৱে নিঃচৰ্ত ক্ষমা খোজাৰ দাবী জনাইছে।
সামাজিক মাধ্যমত প্ৰচাৰিত বিধায়কগৰাকীৰ নিৰ্বাচনী প্ৰচাৰৰ এটা ভিডিঅ’ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাংছুৱে মন্তব্যটোক সংকীৰ্ণতা আৰু অহংকাৰৰ প্ৰকাশ বুলি অভিহিত কৰে।
ভিডিঅ’টোত জনজাতীয় লোকসকলে গাহৰিৰ সৈতে খায়, বংশবৃদ্ধি কৰে আৰু বাস কৰে বুলি মন্তব্য কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰি ডাংছুৱে আপত্তি প্ৰকাশ কৰে। তেওঁৰ মতে, এনে ভাষা আৰু মন্তব্য প্ৰকাশৰ ধৰণে জনজাতীয় সমাজখনৰ প্ৰতি অৱজ্ঞাৰ মনোভাব প্ৰতিফলিত কৰে।
ইয়াৰ উপৰি, টিপ্ৰা মথা পাৰ্টি আৰু জনজাতীয় লোকসকলক উপহাস কৰা তথা হাঁহি-ঠাট্টা কৰাৰ অভিযোগো উত্থাপন কৰে তেওঁ। ৰাজনৈতিক মতপাৰ্থক্য বা নিৰ্বাচনী প্ৰচাৰৰ নামত কোনো সম্প্ৰদায়ৰ সংস্কৃতি, জীৱিকা আৰু পৰিচয়ক অপমান কৰাৰ অধিকাৰ কাৰো নাই বুলি ডাংছুৱে কয়।
বক্সনগৰৰ বিজেপি বিধায়কগৰাকীয়ে জনজাতীয় সমাজৰ ওচৰত ৰাজহুৱাভাৱে নিঃচৰ্ত ক্ষমা খোজা উচিত বুলি পল ডাংছুৱে দাবী জনায়।