Indian Overseas Congressৰ অধ্যক্ষ ছাম পিট্ৰ’ডাই কংগ্ৰেছ আৰু INDIA মিত্ৰজোঁটৰ কাৰ্যকলাপত বিদেশী পুঁজিৰ প্ৰভাৱ থকাৰ অভিযোগ নাকচ কৰিছে।
নতুন দিল্লী, ১১ নৱেম্বৰ: কংগ্ৰেছ আৰু বিৰোধী INDIA মিত্ৰজোঁটৰ কাৰ্যকলাপত বিদেশী পুঁজিৰ প্ৰভাৱ থকাৰ অভিযোগ নাকচ কৰিছে Indian Overseas Congressৰ অধ্যক্ষ ছাম পিট্ৰ’ডাই।
ANIৰ সৈতে হোৱা কথা-বতৰাত পিট্ৰ’ডাই কয় যে INDIA মিত্ৰজোঁটৰ শক্তিৰ উৎস ভাৰতীয় ভোটাৰ।
তেওঁৰ মতে, ৰাহুল গান্ধীয়ে বিদেশ ভ্ৰমণৰ সময়ত ভাৰতীয় প্ৰবাসী, শিক্ষাবিদ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ সৈতে বিশ্ব অৰ্থনীতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ দৰে বিষয়ত…
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলি আৰু পূৰ্বনিৰ্ধাৰিত নোহোৱা বিতৰ্কলৈ আমন্ত্ৰণ জনোৱা ৰাহুল গান্ধীৰ প্ৰস্তাৱৰ সমৰ্থন কৰে পিট্ৰ’ডাই।
newznow.in