নতুন দিল্লী, ১১ নৱেম্বৰ: কংগ্ৰেছ আৰু বিৰোধী INDIA মিত্ৰজোঁটৰ কাৰ্যকলাপত বিদেশী পুঁজিৰ প্ৰভাৱ থকাৰ অভিযোগ নাকচ কৰিছে Indian Overseas Congressৰ অধ্যক্ষ ছাম পিট্ৰ’ডাই। বিজেপিয়ে ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক কেন্দ্ৰ কৰি বাৰে বাৰে বিতৰ্কৰ সৃষ্টি কৰা বুলি অভিযোগ কৰি পিট্ৰ’ডাই বিদেশী হস্তক্ষেপৰ দাবীক ভিত্তিহীন আখ্যা দিছে।
ANIৰ সৈতে হোৱা কথা-বতৰাত পিট্ৰ’ডাই কয় যে INDIA মিত্ৰজোঁটৰ শক্তিৰ উৎস ভাৰতীয় ভোটাৰ। বিদেশী কোনো সংস্থাৰ নিৰ্দেশ বা সহায়ৰ ওপৰত বিৰোধী মিত্ৰজোঁট নিৰ্ভৰশীল নহয় বুলিও তেওঁ দাবী কৰে।
তেওঁৰ মতে, ৰাহুল গান্ধীয়ে বিদেশ ভ্ৰমণৰ সময়ত ভাৰতীয় প্ৰবাসী, শিক্ষাবিদ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ সৈতে বিশ্ব অৰ্থনীতি, কৃত্ৰিম বুদ্ধিমত্তা আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ দৰে বিষয়ত আলোচনা কৰে। বিদেশত ভাৰতৰ গণতন্ত্ৰৰ অৱস্থাৰ বিষয়ে আলোচনা কৰাটো দেশবিৰোধী কাৰ্য হ’ব নোৱাৰে বুলিও পিট্ৰ’ডাই মন্তব্য কৰে।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলি আৰু পূৰ্বনিৰ্ধাৰিত নোহোৱা বিতৰ্কলৈ আমন্ত্ৰণ জনোৱা ৰাহুল গান্ধীৰ প্ৰস্তাৱৰ সমৰ্থন কৰে পিট্ৰ’ডাই। অৰ্থনীতি, নিবনুৱা সমস্যা, জাতিভিত্তিক লোকপিয়ল, কৃষকৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা আৰু সীমান্ত সুৰক্ষাৰ দৰে বিষয়ত দুয়োগৰাকী নেতাৰ মাজত আলোচনা হ’ব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।
ছাম পিট্ৰ’ডাৰ মন্তব্যক লৈ বিজেপিৰ প্ৰত্যুত্তৰ
পিট্ৰ’ডাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা আৰ পি সিঙে তেওঁক ধনকুবেৰ জৰ্জ ছ’ৰছৰ ভাষাত কথা কোৱা বুলি সমালোচনা কৰে। সিঙৰ অভিযোগ, বিদেশী পুঁজি আৰু প্ৰভাৱৰ বিষয়টোক কংগ্ৰেছে ইচ্ছাকৃতভাৱে ৰাজনৈতিক বিতৰ্কলৈ পৰিণত কৰিছে।
আনহাতে, বিজেপি নেতা ৰাম কদমে পিট্ৰ’ডাৰ মন্তব্যক লৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক প্ৰতিষ্ঠানক বদনাম কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে। তেওঁৰ মতে, প্ৰমাণ অবিহনে বিদেশৰ মাটিৰ পৰা এনে অভিযোগ উত্থাপন কৰাটো প্ৰতিষ্ঠানটোৰ বিশ্বাসযোগ্যতাক প্ৰশ্নৰ সন্মুখীন কৰাৰ প্ৰয়াস।
উল্লেখ্য যে, বিদেশী পুঁজিৰ প্ৰভাৱ আৰু ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজত ৰাজনৈতিক বাকযুদ্ধ অব্যাহত আছে।