লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ১০ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে।
ধেমাজি, ১১ নৱেম্বৰ: লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ১০ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে।
তেওঁ কয়, জনজাতীয় সমাজৰ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে।
ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে বীৰছা মুণ্ডাই নেতৃত্ব দিয়া আন্দোলন আৰু জনজাতীয় সমাজৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে।
সংবাদমেলত তেওঁ জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে ধৰিত্ৰী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ কথাও উল্লেখ কৰে।
newznow.in