ধেমাজি, ১১ নৱেম্বৰ: লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ১০ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে। বুধবাৰে ধেমাজিত অনুষ্ঠিত এখন সংবাদমেলত সাংসদগৰাকীয়ে এই কাৰ্যসূচীৰ বিষয়ে সদৰী কৰে।

তেওঁ কয়, জনজাতীয় সমাজৰ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। জনজাতীয় স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ জন্মদিন ১৫ নৱেম্বৰ দেশজুৰি ২০২১ চনৰ পৰা জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়।

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে বীৰছা মুণ্ডাই নেতৃত্ব দিয়া আন্দোলন আৰু জনজাতীয় সমাজৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে।

সংবাদমেলত তেওঁ জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে ধৰিত্ৰী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ কথাও উল্লেখ কৰে। তেওঁৰ দাবী অনুসৰি, এই আঁচনিৰ অধীনত পাঁচ বছৰত ১ লাখ ৩ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে। ২৫টা বিশেষ শিতানত কেন্দ্ৰীয় চৰকাৰৰ ১৭টা বিভাগে আঁচনিখন ৰূপায়ণ কৰি আছে।

ঘোষিত কাৰ্যসূচী অনুসৰি ১৪ নৱেম্বৰত জনজাতীয় বৰেণ্য ব্যক্তিসকলৰ প্ৰতিমূৰ্তি থকা চৌহদ পৰিষ্কাৰ কৰা হ'ব। ১৫ নৱেম্বৰত বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, ১৬ নৱেম্বৰত সাংস্কৃতিক অনুষ্ঠান আৰু ১৮ নৱেম্বৰত পাৰদৰ্শী জনজাতীয় ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'ব।

এই কাৰ্যসূচীৰ জৰিয়তে জনজাতীয় সমাজৰ ইতিহাস, সংস্কৃতি, ঐতিহ্য আৰু সমাজলৈ আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ লগতে জনজাতীয় লোকসকলৰ উন্নয়নৰ বিষয়সমূহো চৰ্চালৈ অনাৰ লক্ষ্য লোৱা হৈছে।