অসম

মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টক লৈ পাৰলিগুৰী-খলপীয়াত আনন্দ

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ সমস্যা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছত শিলপুখুৰী গাঁও পঞ্চায়ত এলেকাত আশাৰ সঞ্চাৰ হৈছে।

২ / ৫

লাহৰীঘাট: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি লাহৰীঘাটৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ বৃহত্তৰ পাৰলিগুৰী আৰু খলপীয়া অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ পৰিৱেশ দেখা গৈছে।

৩ / ৫

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পথটোৰ দুৰৱস্থাৰ ফটো লাহৰীঘাটত অনুষ্ঠিত এক জনসভাত মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰিছিল মোস্তাক আহমেদ নামৰ এজন শিক্ষিত যুৱকে।

৪ / ৫

পথটোৰ দুৰৱস্থাৰ ফটোসহ মুখ্যমন্ত্ৰীৰ সন্মুখত সমস্যাটো দাঙি ধৰাৰ পিছতে তেখেতৰ ফেচবুক পোষ্টক লৈ শিলপুখুৰী, পাৰলিগুৰী আৰু খলপীয়া অঞ্চলত আনন্দৰ সঞ্চাৰ হৈছে।

৫ / ৫

অঞ্চলবাসীয়ে এতিয়া দীৰ্ঘদিনীয়া পথ সমস্যাটোৰ স্থায়ী সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টক লৈ পাৰলিগুৰী-খলপীয়াত আনন্দ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক