লাহৰীঘাট: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি লাহৰীঘাটৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ বৃহত্তৰ পাৰলিগুৰী আৰু খলপীয়া অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ পৰিৱেশ দেখা গৈছে।
দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পথটোৰ দুৰৱস্থাৰ ফটো লাহৰীঘাটত অনুষ্ঠিত এক জনসভাত মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰিছিল মোস্তাক আহমেদ নামৰ এজন শিক্ষিত যুৱকে।
পথটোৰ দুৰৱস্থাৰ ফটোসহ মুখ্যমন্ত্ৰীৰ সন্মুখত সমস্যাটো দাঙি ধৰাৰ পিছতে তেখেতৰ ফেচবুক পোষ্টক লৈ শিলপুখুৰী, পাৰলিগুৰী আৰু খলপীয়া অঞ্চলত আনন্দৰ সঞ্চাৰ হৈছে।
অঞ্চলবাসীয়ে এতিয়া দীৰ্ঘদিনীয়া পথ সমস্যাটোৰ স্থায়ী সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে।