জালুকবাৰীত গ্ৰাহকৰ অজ্ঞাতে ভুৱা বেংক একাউণ্ট খোলাৰ অভিযোগত নৱীন হুছেইনক গ্ৰেপ্তাৰ কৰিছে চি আই ডিৰ চাইবাৰ চেলে।
গুৱাহাটী, ১১ নৱেম্বৰ: চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ সন্দেহত গুৱাহাটীৰ জালুকবাৰীৰ পৰা নৱীন হুছেইন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চি আই ডিৰ চাইবাৰ চেলে।
এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি গ্ৰাহকৰ অজ্ঞাতে আৰু অনুমতি অবিহনে তেওঁলোকৰ নামত ভুৱা বেংক একাউণ্ট খোলাৰ অভিযোগ উত্থাপন হৈছে হুছেইনৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, হুছেইনে জালুকবাৰীত এইচ ডি এফ চি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ পৰিচালনা কৰিছিল।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, হুছেইনে এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি লোকসকলৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিছিল আৰু তেওঁলোকৰ সন্মতি অবিহনে বেংক একাউণ্ট খুলিছিল।
newznow.in