গুৱাহাটী, ১১ নৱেম্বৰ: চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ সন্দেহত গুৱাহাটীৰ জালুকবাৰীৰ পৰা নৱীন হুছেইন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চি আই ডিৰ চাইবাৰ চেলে।
এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি গ্ৰাহকৰ অজ্ঞাতে আৰু অনুমতি অবিহনে তেওঁলোকৰ নামত ভুৱা বেংক একাউণ্ট খোলাৰ অভিযোগ উত্থাপন হৈছে হুছেইনৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, হুছেইনে জালুকবাৰীত এইচ ডি এফ চি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ পৰিচালনা কৰিছিল। এই কেন্দ্ৰটোৰ জৰিয়তে একাধিক ভুৱা বেংক একাউণ্ট খোলা হৈছিল বুলি তদন্তকাৰীসকলে সন্দেহ প্ৰকাশ কৰিছে।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, হুছেইনে এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি লোকসকলৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিছিল আৰু তেওঁলোকৰ সন্মতি অবিহনে বেংক একাউণ্ট খুলিছিল। পাছত এই একাউণ্টসমূহ চাইবাৰ প্ৰৱঞ্চনা আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ ধন লেনদেনৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।
তদন্তকাৰীসকলে জনোৱা মতে, অভিযুক্তজনৰ সৈতে সম্পৰ্কিত কেইবাটাও বেংক একাউণ্টত কেইবালাখ টকা জমা হৈছিল। শেহতীয়া এটা ঘটনাত এনে এটা একাউণ্টলৈ প্ৰায় ৫ লাখ টকা স্থানান্তৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে।
তদন্তৰ অংশ হিচাপে চি আই ডিয়ে হুছেইনৰ সৈতে সম্পৰ্কিত কেইবাটাও বেংক একাউণ্ট জব্দ কৰিছে। বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগত বিভিন্ন আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে একাধিক গোচৰো ৰুজু হৈ আছে। ঘটনাটোৰ আঁৰত বৃহত্তৰ এটা প্ৰৱঞ্চক চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে চাইবাৰ চেলে। চক্ৰটোৰ আন সদস্যসকলক চিনাক্ত কৰাৰ লগতে ধনৰ লেনদেনৰ সম্পূৰ্ণ তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে চি আই ডিয়ে।