শিলাবৃষ্টি, ধুমুহা আৰু ধাৰাসাৰ বৰষুণত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত শ শ বিঘা শালিধানৰ খেতি ক্ষতিগ্ৰস্ত হৈছে।
দক্ষিণ কামৰূপ, ১১ নৱেম্বৰ: শিলাবৃষ্টি, ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত শ শ বিঘা শালিধানৰ খেতি ক্ষতিগ্ৰস্ত হৈছে।
১১ নৱেম্বৰত পলাশবাৰীৰ জাজি অঞ্চলত হোৱা প্ৰচণ্ড শিলাবৃষ্টিয়ে বিস্তীৰ্ণ শালিধানৰ পথাৰ ক্ষতিগ্ৰস্ত কৰে।
ইয়াৰ পূৰ্বে মঙলবাৰে নিশা মৰাণ অঞ্চলতো প্ৰচণ্ড বতাহ, বজ্ৰপাত আৰু শিলাবৃষ্টিয়ে ক্ষতিসাধন কৰে।
শালিধান চপোৱাৰ সময় সমাগত হোৱাৰ মাজতে হোৱা এই প্ৰাকৃতিক দুৰ্যোগে কৃষকসকলৰ উপাৰ্জনৰ আশাত আঘাত হানিছে।
newznow.in