দক্ষিণ কামৰূপ, ১১ নৱেম্বৰ: শিলাবৃষ্টি, ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত শ শ বিঘা শালিধানৰ খেতি ক্ষতিগ্ৰস্ত হৈছে। শস্য চপোৱাৰ প্ৰস্তুতি চলোৱা কৃষকসকল বৃহৎ লোকচানৰ আশংকাত পৰিছে।
১১ নৱেম্বৰত পলাশবাৰীৰ জাজি অঞ্চলত হোৱা প্ৰচণ্ড শিলাবৃষ্টিয়ে বিস্তীৰ্ণ শালিধানৰ পথাৰ ক্ষতিগ্ৰস্ত কৰে। বিশেষকৈ বৰদুৱাৰ, বাগান আৰু জাজি অঞ্চলত ক্ষতিৰ পৰিমাণ অধিক হোৱা বুলি জানিব পৰা গৈছে। এই অঞ্চলসমূহৰ শ শ বিঘা কৃষিভূমিৰ ধানৰ খেতি শিলাবৃষ্টিত নষ্ট হৈছে বুলি স্থানীয় সূত্ৰই জনাইছে।
ইয়াৰ পূৰ্বে মঙলবাৰে নিশা মৰাণ অঞ্চলতো প্ৰচণ্ড বতাহ, বজ্ৰপাত আৰু শিলাবৃষ্টিয়ে ক্ষতিসাধন কৰে। অঞ্চলটোৰ শ শ বিঘা কৃষিভূমিৰ শালিধানৰ খেতি ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে।
শালিধান চপোৱাৰ সময় সমাগত হোৱাৰ মাজতে হোৱা এই প্ৰাকৃতিক দুৰ্যোগে কৃষকসকলৰ উপাৰ্জনৰ আশাত আঘাত হানিছে। বছৰজোৰা পৰিশ্ৰমৰ অন্তত পথাৰত সাজু হোৱা শস্য নষ্ট হোৱাত কৃষক পৰিয়ালসমূহ দুশ্চিন্তাত পৰিছে।
ক্ষতিগ্ৰস্ত কৃষকসকলে অসম চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনক শীঘ্ৰে ক্ষয়-ক্ষতিৰ জৰীপ চলাই উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে।