১৯৯৪ চনৰ ১১ নৱেম্বৰ, ডিমৌৰ ৰজাবাৰীত পুখুৰীত পৰি ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বাছ দুৰ্ঘটনাৰ স্মৃতি আজিও সজীৱ
শিৱসাগৰ, ১১ নৱেম্বৰ: ১৯৯৪ চনৰ ১১ নৱেম্বৰৰ পুৱা ডিমৌৰ ৰজাবাৰীত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাৰ স্মৃতি ৩২ বছৰ পাছতো অঞ্চলবাসীৰ মনত সজীৱ হৈ আছে।
সেইদিনা পুৱা প্ৰায় ৭.৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌৰ ৰজাবাৰীত শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা ‘অমৰজ্যোতি’ নামৰ যাত্ৰীবাহী বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
অজ্ঞাত কাৰণত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন পথৰ দাঁতিৰ প্ৰায় ৩০ ফুট দ পুখুৰীত সোমাই পৰিছিল।
দুৰ্ঘটনাটোৰ প্ৰায় দুঘণ্টা পাছত অ'এনজিচিৰ কৰ্মচাৰী চিকন দাস ঘটনাস্থলীত উপস্থিত হৈছিল।
newznow.in