শিৱসাগৰ, ১১ নৱেম্বৰ: ১৯৯৪ চনৰ ১১ নৱেম্বৰৰ পুৱা ডিমৌৰ ৰজাবাৰীত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাৰ স্মৃতি ৩২ বছৰ পাছতো অঞ্চলবাসীৰ মনত সজীৱ হৈ আছে। এই দুৰ্ঘটনাত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে।

সেইদিনা পুৱা প্ৰায় ৭.৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌৰ ৰজাবাৰীত শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা ‘অমৰজ্যোতি’ নামৰ যাত্ৰীবাহী বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বাছখনত ৬০ জনতকৈ অধিক যাত্ৰী আছিল আৰু ইয়াৰে অধিকাংশই চৰকাৰী কৰ্মচাৰী আছিল।

অজ্ঞাত কাৰণত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন পথৰ দাঁতিৰ প্ৰায় ৩০ ফুট দ পুখুৰীত সোমাই পৰিছিল। পানীৰ তলত আৱদ্ধ হৈ বহু যাত্ৰীৰ মৃত্যু হয়। ঘটনাৰ পাছতে অঞ্চলজুৰি হাহাকাৰ লাগে।

দুৰ্ঘটনাটোৰ প্ৰায় দুঘণ্টা পাছত অ'এনজিচিৰ কৰ্মচাৰী চিকন দাস ঘটনাস্থলীত উপস্থিত হৈছিল। উদ্ধাৰ অভিযানত অংশ লৈ তেওঁ পানীত জঁপিয়াই বাছখনত ক্ৰেনৰ হুক লগাই আহিছিল। বৰ্তমান ৮২ বছৰ বয়স অতিক্ৰম কৰা দাসে সেইদিনাৰ শিহৰণকাৰী অভিজ্ঞতাৰ কথা স্মৰণ কৰিছে।

এই দুৰ্ঘটনাত চালকসহ মাত্ৰ চাৰিজন লোকৰ প্ৰাণ ৰক্ষা পৰিছিল বুলি জানিব পৰা গৈছে। বাকী ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। মৃতদেহবোৰ পথৰ দাঁতিত শাৰী শাৰীকৈ ৰখা হৈছিল। বহু পৰিয়ালে সেইদিনা নিজৰ আপোনজনক হেৰুৱাইছিল।

দুৰ্ঘটনাৰ পাছত ‘অমৰজ্যোতি’ বাছখন পুনৰ ৰাজপথত চলাচল কৰিছিল বুলি জানিব পৰা গৈছে। ইফালে, উদ্ধাৰ অভিযানত সাহসিকতাৰে অংশ লোৱা চিকন দাসে উপযুক্ত স্বীকৃতি লাভ নকৰিলে বুলি তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে। তেওঁৰ পত্নী অঞ্জু দাসে সেই সময়ৰ শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।