অসমীয়া মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগত বিহাৰৰ কৃষ্ণ শৰ্মাক ৰাজপথত আঠু কাঢ়ি ৰাজহুৱাকৈ ক্ষমা খোজালে জাতীয় সংগ্ৰামী সেনাই
অসম, ১১ নৱেম্বৰ, ২০২৬:অসমীয়া মহিলাক অশ্লীল ইংগিত দি বিপাঙত বিহাৰৰ ব্যক্তি , ৰাজপথতে আঁঠু কাঢ়ি ক্ষমা খুজিলে কৃষ্ণ শৰ্মাই।
দীপাৱলীৰ নিশা এগৰাকী অসমীয়া মহিলাক অশ্লীল ইংগিত দিয়াৰ লগতে শৰীৰত হাত দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগত বিপাঙত পৰিছে বিহাৰৰ এজন ব্যক্তি।
অভিযুক্ত ব্যক্তিজনৰ নাম কৃষ্ণ শৰ্মা বুলি জানিব পৰা গৈছে।
মণিকা দাস নামৰ মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।ঘটনাটোৰ পিছতে জাতীয় সংগ্ৰামী সেনাৰ চিতু বৰুৱা আৰু সংগঠনটোৰ সদস্যসকলে কৃষ্ণ শৰ্মাক আটক কৰি ৰাজপথলৈ লৈ যায়।
newznow.in